মিঞা মাছক লৈ উত্তাল অসমমিঞা মাছক লৈ উত্তাল অসম

মিঞা মাছক লৈ উত্তাল অসম

মিঞা মাছক লৈ উত্তাল অসম, এয়াটো মাছৰ উজান উঠাৰ নহয় বতৰ । কাৰণ মাছৰ উজান উঠে বাৰিষাৰ সময়ত । তথাপিও এতিয়া মাছে মাছ অসমৰ আকাশে বতাহে ।

‘একোকে নেখাওঁ আজি
একেবাৰে ভোক নাই’… কবি নৱকান্ত বৰুৱাৰ ‘লঘোন’ নামৰ কবিতাটো পঢ়িছে নে ? যদি পঢ়িছে তেতিয়া হ’লে বৰ্তমান সময়ত উক্ত কবিতাটোৰ প্ৰাসংগিক হৈ পৰিছে । কাৰণ উজনিত আৰম্ভ হৈছে মিঞা খেদা আন্দোলন ।

মিঞা খেদিব কেনেকৈ ? মাছত মিঞা, পাচলিত মিঞা, নাপিতত বিহাৰী, ব্যৱসায়ীত মাৰোৱাৰী কিন্তু ঘৰৰ গোনা খাৰ খোৱা খিলঞ্জীয়া । খিলঞ্জীয়া বুলি দম্ভালি মাৰি থকা সকলে কেইঘন্টা কঠোৰ পৰিশ্ৰম কৰিব পাৰিব  ?

ৰাজনৈতিক স্বাৰ্থ নে আন কিবা লুকাই আছে সেয়া কোনেও গম পোৱা নাই । গম পাইছে মাত্ৰ ‘৭ দিনৰ ভিতৰত মিঞাই উজনি অসম এৰিব লাগে বুলি চলি থকা বিতৰ্কৰ । সেই বিতৰ্ক এতিয়া মাছত পালেগৈ । মিঞাই মাছ নিদিলে উজনিৰ খিলঞ্জীয়াই খাবলৈ নাপাব নেকি মাছ ? উত্তৰ দিওতা হয়টো কমে ওলাব । 

মিঞা মাছৰ বিতৰ্ক আহিল ক’ৰ পৰা ? উদ্দেশ্য আছিল ধৰ্ষণকাৰীক ফাঁচী দিব লাগে । কিন্তু উদ্দেশ্যই বেলেগ পথ ল’লে । মূল বিষয়টো আছিল কেইদিনমান পূৰ্বে ধিঙত সংঘটিত কিশোৰী ধৰ্ষণ কাণ্ডৰ ফাঁচীৰ দাবী । 

চৌদিশে প্ৰতিবাদ ধৰ্ণাৰে মুখৰিত হৈছিল ‘দোষীক শাস্তি দিব লাগে ‘ ‘দুই পলাতক অপৰাধীক শীঘ্ৰে কৰায়ত্ত্ব কৰিব লাগে’ । পৰিৱৰ্তে এই দুই শ্লোগান হৈ পৰিল উজনিৰ পৰা মিঞা খেদা হওক ।

কথা মতে কাম আৰম্ভ হ’ল শিৱসাগৰত । সন্দেহজনক লোকে বসবাস কৰা স্থানত উপস্থিত হৈ ঘৰ খালি কৰিবলৈ সেইসকল লোকক ৭ দিনৰ সময় বান্ধি দিছিলি ৩০ টাকৈ সংগঠনৰ নেতৃত্বই । 

এই ৩০ সংগঠনৰ একত্ৰিত হোৱাৰ আঁৰতো আছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া খেলুৱকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে কৰা শাৰীৰিক অপদস্ত ।

খেলুৱৈ গৰাকীৰ ন্যায়ৰ দাবীৰে ৩০ টাকৈ সংগঠন একত্ৰিত হোৱাটো উচিত হৈছে । সেই প্ৰতিক্ৰিয়া মাৰ নৌ-যাওঁতে যেতিয়াই ধিঙত কিশোৰী ধৰ্ষণ কৰা ঘটনা পোহৰলৈ আহিল তেতিয়াই মিঞাক খেদাৰ আন্দোলন নামেৰে নতুন আন্দোলন আৰম্ভ হ’ল উজনি অসমৰ শিৱসাগৰত ।

এতিয়া ৩০ টা সংগঠনৰ পৰা মিঞা খেদা আন্দোলন হাইজেক কৰি ৰাজনৈতিক পথ ললে উজনি অসমৰ পৰা মিঞা খেদা আন্দোলনে । নতুন গতি ললে উজনিৰ মিঞা খেদা কথাই । লগে লগে আহিল মাছৰ ৰপ্তানি নকৰাৰ কথা ।

কোনো এটা ঘটনা পৰিঘটনা এটা থাকে । ঠিক সেই দৰে উজনি অসমৰ পৰা লাচিত সেনাসহ ৩০টা সংগঠনৰ নেতৃত্বই যদি মিঞা তথা একাংশ সংখ্যালঘু লোকক খেদা আৰম্ভ কৰিব পাৰে ।

 তেতিয়া হ’লে উজনি অসমলৈ অনির্দিষ্ট কাললৈ মাছ যোগান ধৰা বন্ধ কৰা হওঁক । এই মন্তব্য কৰিছিল নগাঁৱৰ মীন পালন সন্থাৰ এজন বিষয়ববীয়াই ।

নিজকে নগাঁৱৰ মীন পালক সন্থাৰ সদস্য বুলি দাবী কৰা লোকজনে কৈছিল, ‘শৃংখল চলিহাক সকীয়াই দিছো শিৱসাগৰ, তিনিচুকীয়াত মিঞা অথবা ধৰ্মীয় সংখ্যালঘু লোকক অত্যাচাৰ কৰা বন্ধ কৰক ।’

 ‘আজিৰ (সোমবাৰ) পৰা অনিৰ্দিষ্ট কাললৈ নগাঁৱৰ সম্পদ, ধৰ্মীয় সংখ্যালঘু লোকৰ হাতত বিশাল মীন বিভাগ বা মাছৰ ব্যৱসায় । ধৰ্মীয় সংখ্যালঘু লোকে নগাঁওৰ পৰা উজনি অসমলৈ মাছ ৰপ্তানি নকৰিলে কম দামত মাছ খাবলৈ নাপাব ।’

মিঞা খেদা আন্দোলনৰ পৰা মিঞা মাছলৈকে
মিঞা খেদা আন্দোলনৰ পৰা মিঞা মাছলৈকে

এক ভাবুকি স্বৰূপ হিচাপে দিয়া মন্তব্যত তেও কৈছিল, জিলা মীন পালক সন্থাই সিদ্ধান্ত লৈছে অনিৰ্দিষ্ট কাললৈ মাছ উজনি অসমলৈ ৰপ্তানি নকৰো । লাগিলে পেলাই দিম তথাপিও উজনি অসমৰ কোনো এখন জিলালৈ মাছ ৰপ্তানি নকৰো ।’

‘দৰকাৰ পৰিলে মাছ গুৱাহাটীলৈ ৰপ্তানি কৰিম মাছ । তেতিয়া গম পাব গুণ্ডা প্ৰকৃতিৰ শৃংখল চলিহাই গম পাব মাছৰ মূল্য কিমান ?’ নগাঁৱৰ মীন পালক সন্থাৰ নেতাই কোৱা কথাৰ পাছত মঙলবাৰে প্ৰতিক্ৰিয়া আহিল ।

জাতিতকৈ মাছ ডাঙৰ নহয় । যদি মাছৰ ৰপ্তানি বন্ধ কৰে তেতিয়া হ’লে লোকচান মীন পালকৰ হ’ব । নিৰামিষ খাই উজনিৰ মানুহ নমৰে । যদিহে উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰে তেতিয়া হ’লে খাৰুপেটিয়াৰ পাচলিও উজনিত প্ৰৱেশ কৰিবলৈ নিদিও । উজনি অসমৰ দল সংগঠনৰ এয়া আছিল মন্তব্য ।

আনফালে সদনত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অৰ্থনৈতিক অৱৰোধৰ ধাৰণাটো লৈ আহিলে । ইমান দিনে ভূমি দখলৰ কৰি আছিলে । বিৰোধী দলৰ দলপতিয়ে যি ধৰণে সংবিধানৰ অধিকাৰৰ কথাবোৰ এক স্থানত । সমাজৰ অস্থিৰতাবোৰ আন এটা কথা ।’

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, এটা আইনী অধিকাৰ আনটো হৈছে সমাজৰ ব্যৱস্থা । নগাঁৱৰ পৰা মাছ নপঠিয়াও বুলি কোৱা মানে অৰ্থনৈতিক অৱৰোধ কৰিলে । মাছ অসমৰ ল’ৰাই উৎপাদন কৰিব ।

‘মাত্ৰ এটা কথাৰ বাবে অৰ্থনৈতিক অৱৰোধৰ দৰে ভাবুকি নামনি অসমত আমাৰ হিন্দুসকলৰ ওপৰত প্ৰতিদিনে ঘটি থাকে । খিলঞ্জীয়া লোকক যদি দাবী ধমকিদিয়াৰ কথা ভাবিলে বেয়া হ’ব । উজনিৰ জাতীয় সংগঠন ৰৈ নাথাকিব এই ক্ষেত্ৰত ।’ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

এতিয়া প্ৰশ্ন হয় মাছক লৈ কিয় ৰাজনৈতিক নেতাৰ উঠিছে উজান ? এয়া স্মাৰ্ট মিটাৰ প্ৰসংগ, ধৰ্ষণ ঘটাৰ তল পেলাবলৈ কৰা প্ৰক্ৰিয়া নেকি ?

Leave a Reply

Your email address will not be published. Required fields are marked *