মণিপুৰত অনিৰ্দিষ্ট কাললৈ ইন্টাৰনেট সেৱা বন্ধমণিপুৰত অনিৰ্দিষ্ট কাললৈ ইন্টাৰনেট সেৱা বন্ধ

মণিপুৰত অনিৰ্দিষ্ট কাললৈ ইন্টাৰনেট সেৱা বন্ধ

মণিপুৰত অনিৰ্দিষ্ট কাললৈ ইন্টাৰনেট সেৱা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে । পুনৰ মণিপুৰত প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে । উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে মেইটে গাঁৱত ড্ৰোন আৰু ৰকেটেৰে আক্ৰমণ চলাইছিল । ইয়াকে লৈ পুনৰ অশান্ত হৈ পৰিছে মণিপুৰৰ পাঁচখন জিলাত ।

আনহাতে ড্ৰোনেৰে যাতে উগ্ৰপন্থীয়ে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে এন্টি ড্ৰোনৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । কিন্তু ছাত্ৰ সংগঠন, ৰাইজে দোষীক কঠোৰ শাস্তি, অৰক্ষীৰ বিফলতাৰ বাবে বিষয়াসকলৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে ।

যাৰ ফলত অধিক আইন শৃংখলা বিঘ্নিত হ’ব পাৰে । তাৰ প্ৰতি লক্ষ্য ৰাখি পাঁচখন জিলাত প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন । পাঁচ জিলা হৈছে ইষ্ট ইম্ফল, ইম্ফল ৱেষ্ট, থৌৱাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত জাৰি কৰিছে সান্ধ্য আইন ।

সান্ধ্য আইনৰ সমান্তৰালকৈ পাঁচখন জিলাত অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে ইন্টাৰনেট সেৱা । ব্ৰডবেণ্ড, VPNৰ সেৱাও বন্ধ কৰিছে প্ৰশাসনে । মঙলবাৰে বিয়লি ৩ বজাৰ পৰা পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা ।

‘উৰা বাতৰিৰ বাবে প্ৰাণ হানি বা ৰাজহুৱা-ব্যক্তিগত সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা আছে । জৰুৰৰী বাৰ্তা থাকিলে প্ৰশাসনে SMSৰ জড়িয়তে অথবা ডংগল সেৱাৰ দ্বাৰা ৰাইজলৈ তথ্য প্ৰেৰণ কৰা হ’ব।’ এই মন্তব্য আৰক্ষীৰ ।

মণিপুৰ চৰকাৰে মঙলবাৰে সন্ধিয়া এক নিৰ্দেশ জাৰি কৰি কয় যে, ছাত্ৰ-ছাত্ৰীসকলৰ তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে ।

উল্লেখ্য যে, মঙলবাৰে শিক্ষাৰ্থীয়ে চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়তে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীক দমনৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিব লগীয়া হয় ।

যাৰ ফলত ৪০ জনৰো অধিক শিক্ষাৰ্থী আহত হয় । আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰা ৰাজ্যখনৰ ডিজিপি আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবীত ইম্ফলৰ ৰাজভৱন অভিমুখে ছাত্ৰ সমাজে প্ৰতিবাদী যাত্ৰা বাহিৰ কৰিছিল । 

মণিপুৰত অনিৰ্দিষ্ট কাললৈ ইন্টাৰনেট সেৱা বন্ধ
মণিপুৰত অনিৰ্দিষ্ট কাললৈ ইন্টাৰনেট সেৱা বন্ধ

তেনেতে আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীৰ । যাৰ বাবে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । আৰক্ষীয়ে জনোৱা অনুসৰি, হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু মহিলা প্ৰতিবাদকাৰীয়ে বিটি ৰোড হৈ ৰাজভৱন অভিমুখে যাত্ৰা কৰিছিল ।

 কিন্তু কংগ্ৰেছ ভৱনৰ ওচৰত নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, আন্দোলনকাৰীয়ে নিৰাপত্তাৰক্ষীসকললৈ লক্ষ্য কৰি শিলগুটি আৰু কাঁচৰ মাৰ্বল বল নিক্ষেপ কৰিছিল ।

 ফলত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠি চালনা কৰিবলৈ বাধ্য হয় । ইম্ফল পূব আৰু পশ্চিম ইম্ফলত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে । আনহাতে থৌবালত BNSSৰ ধাৰা ১৬৩ (২)ৰ অধীনত জাৰি কৰা হৈছে সান্ধ্য আইন । 

ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই মণিপুৰলৈ ২,০০০ চিআৰপিএফ জোৱান প্ৰেৰণ কৰিছে । একেদৰে কেন্দ্ৰই ৰাজ্যখনত নিৰাপত্তা ৰক্ষাৰ দায়িত্বৰ বাবে প্ৰায় ২,০০০ কৰ্মচাৰীৰে গঠিত দুটা নতুন চিআৰপিএফ বেটেলিয়ন মোতায়েন কৰিবলৈ নিৰ্দেশ দিছে।

“দেশবিৰোধী আৰু অসামাজিক কাৰ্যকলাপ বিফল কৰিবলৈ আৰু শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থতে ইন্টাৰনেট সেৱা বন্ধ কৰা হৈছে । অপপ্ৰচাৰ আৰু উৰাবাতৰি বিয়পা বন্ধ কৰি ৰাজহুৱা স্বাৰ্থত আইন-শৃংখলা বজাই ৰখাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা লোৱা প্ৰয়োজনীয় হৈ পৰিছে ।

 উল্লেখ্য যে, বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম যেনে হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম,X আদিৰ জৰিয়তে কিছু আপত্তিজনক ভিডিঅ’ যাতে প্ৰেৰণ কৰিব নোৱাৰে তাৰে পদক্ষেপ লোৱা হৈছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ আন কিছু অংশত কাৰ্যকৰী দায়িত্বৰ বাবে মণিপুৰৰ পৰা দুটা অসম ৰাইফলছ বেটেলিয়ন প্ৰত্যাহাৰ কৰাৰ পিছত এই নিৰ্দেশ দিয়া হৈছে।

তদুপৰি, ২০২৩ বৰ্ষত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ৰাজ্যখনত ইতিমধ্যে উপস্থিত থকা বাহিনীৰ ১৬ টা বেটেলিয়নে যোৱা সপ্তাহত ইম্ফল পশ্চিম, ইম্ফল পূব, চুৰাচান্দপুৰ, ননি, জিৰিবাম, কাংপোকপি, বিষ্ণুপুৰত ঘাটি স্থাপন কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।

তদুপৰি, ২০২৩ বৰ্ষত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ৰাজ্যখনত ইতিমধ্যে উপস্থিত থকা বাহিনীৰ ১৬ টা বেটেলিয়নে যোৱা সপ্তাহত ইম্ফল পশ্চিম, ইম্ফল পূব, চুৰাচান্দপুৰ, ননি, জিৰিবাম, কাংপোকপি, বিষ্ণুপুৰত ঘাটি স্থাপন কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *