ধৰ্ষণ, নাৰী দেহ ব্যৱসায়, শ্লীলতা হানিৰ গোচৰ আছে ১৫১ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে । ১৫১ গৰাকী বিজেপি-কংগ্ৰেছৰ সাংসদ,বিধায়কে কেনেকৈ নাৰী সুৰক্ষাৰ বিষয়ে সদনত এষাৰ কথা ক’ব ? কাৰণ বিজেপি-কংগ্ৰেছৰ বহু সাংসদ-বিধায়কৰ বিৰুদ্ধে আছে নাৰীজনিত অপৰাধৰ গোচৰ । ADRৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে ।
ধৰ্ষণ, নাৰী দেহ ব্যৱসায়, শ্লীলতা হানিৰ গোচৰ আছে বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে
ধৰ্ষণ, নাৰী দেহ ব্যৱসায়, শ্লীলতা হানিৰ গোচৰ আছে ১৫১ গৰাকী বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়কৰ গোচৰ ! কলকাতা RG KAR চিকিৎসালয় ঘটনাৰ বাবে সকলোৰে মন সেমেকা । কেতিয়া সুৰক্ষিত হ’ব নাৰী ? তাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে ।
কেৱল কলকাতাৰ ঘটনাই নহয়, ধিঙত সংঘটিত হোৱা কিশোৰী ধৰ্ষণ ঘটনাই জোকাৰণি তুলিছে অসমত । তেনে স্থলত এই অপৰাধ ৰোধৰ বাবে ব্যৱস্থা কি ? তাক লৈ অজস্ৰ প্ৰশ্ন ।
এফালে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন পোষকতা কৰিছে ৰাইজে। কিন্তু কৰবাত যেন ৰৈ গ’ল এটা সুৰুঙা । সেই সুৰুঙাৰ বাবে আজিৰ সমাজত কিয় নাৰী জনীত অপৰাধী বৃদ্ধি নহ’ব ? আমিয়ে যদি এই ক্ষেত্ৰত উৎসাহ যোগাইছো বুলি কওঁ তেতিয়া হ’লে হয়টো ভুল কোৱা নহ’ব ।
ভাৰতত পাঁচ বছৰত এবাৰে নিৰ্বাচন অনুষ্ঠিত হয় । কোন হ’ব আমাৰ পাঁচবছৰীয়া জনপ্ৰতিনিধি তাক নিৰ্বাচিত কৰিব লাগে আমি । কিন্তু বিভিন্ন কাৰণত আমি আমাৰ জনপ্ৰতিনিধি নিৰ্বাচিত ক্ষেত্ৰত ভুল হৈ যায় । আবেগৰ ওচৰত বিক্ৰী যাওঁ আমি । সেয়ে বাবে আমি নাচাওঁ নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰা নেতাজন অপৰাধী নেকি ?
যি সময়ত নাৰী সুৰক্ষাৰক লৈ ৰাজপথত প্ৰতিবাদ কৰা হয় তেতিয়া এবাৰলৈ মনত প্ৰশ্ন উদয় হয় নে আমাৰ মাজৰ প্ৰতিনিধিজন নিকা ভাবমূৰ্তি থকা ব্যক্তি নে ?
উক্ত বিষয়কেইটা এই কাৰণে বৰ্তমান প্ৰাসংগিক হৈ পৰিছে যে, বৰ্তমানৰ বহু সাংসদ, বিধায়কৰ বিৰুদ্ধে নাৰীজনিত অপৰাধৰ গোচৰ চলি আছে । তেনে সাংসদ বা বিধায়কে কেনেকৈ সংসদ বা বিধানসভাৰ মজিয়াত নাৰী সুৰক্ষাৰ কথা ক’ব ? সেই প্ৰশ্ন এবাৰ হলেও মনলৈ আহে নে ।
যদি নাহে এই প্ৰতিবেদন আপুনি পঢ়াটো খুবেই প্ৰয়োজন । কাৰণ এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু নেচনেল ইলেকশ্যন ৱাটচ(NEW)ৰ এক সমীক্ষাত প্ৰাকশ পাইছে এক ভয়ংকৰ তথ্য । আমাৰ কিমান গৰাকী সাংসদ বিধায়কৰ বিৰুদ্ধে নাৰীজনিত অপৰাধত গোচৰ আছে সেই সমীক্ষাত প্ৰকাশ পাইছে ।
ৰাজ্যসভা, লোকসভা মিলাই বৰ্তমান ভাৰতত সাংসদ আছে ৭৮০গৰাকী । ২৮খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসহ সৰ্বমুঠ ৩,৮৩৯ গৰাকী বিধায়ক আছে । সাংসদ বিধায়ক মিলাই সৰ্বমুঠ আমাৰ ৪,৬১৯ গৰাকী জনপ্ৰতিনিধি আছে ।
ইয়াৰে শতাধিক জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰীজনিত অপৰাধাৰ গোচৰ চলি আছে । সেই তালিকাৰ ভিতৰত অসমৰ এগৰাকী জনপ্ৰতিনিধিৰ নামো অন্তৰ্ভুক্ত হৈ আছে ।
৪,৬১৯ গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত ১৫১ গৰাকী সাংসদ, বিধায়কৰ বিৰুদ্ধে নাৰীজনীত অপৰাধ ৰুজু হৈ আছে গোছৰ । ১৫১ গৰাকী সাংসদ বিধায়কৰ ভিতৰত ১৬ গৰাকী সাংসদ আৰু ১৩৫ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে নাৰীজনিত অপৰাধৰ গোচৰ ।
নাৰীজনিত অপৰাধৰ ভিতৰত ধৰা হৈছে, যৌন নিৰ্যাতন, ধৰ্ষণ, এছিড আক্ৰমণ, অশ্লীনতা হানি, মহিলাক বিবস্ত্ৰ কৰাৰ চেষ্টা, মহিলাক অনুসৰণ কৰাৰ গোচৰ । ১৫১ গৰাকী সাংসদ, বিধায়কৰ বিৰুদ্ধে এইসমূহ অপৰাধৰ বাবে গোচৰ পঞ্জীয়ন হৈ আছে স্থানীয় আৰক্ষী থানাসমূহত ।
লগতে, ২১ বছৰীয়া যুৱতীক আমদানি কৰা, দেহ ব্যৱসায়ৰ বাবে কিশোৰীক বিক্ৰী আৰু ক্ৰয় কৰা, অবৈধ ভাবে মহিলাৰ লগত সহবাস কৰা, পত্নী জীৱিত কালতে বিবাহ বিচ্ছেদ নকৰাকৈ পুনৰ বিবাহ কৰাৰ দৰে অপৰাধ আছে ১৫১ গৰাকী জন প্ৰতিনিধিৰ বিৰুদ্ধে ।
সেইসকল ৰাজনৈতিক নেতাক আইনে ঢুকি পাব নে ? ন্যায়া পাব নে ভুক্তভোগীয়ে । এয়া লাখটকীয়া প্ৰশ্ন । কাৰণ তেওঁলোক জননেতা । আপোনাৰ মোৰ দৰে ভোটাৰে নিৰ্বাচিত কৰি ৰাজধানীলৈ পঠোৱা হৈছে ।
এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু নেচনেল ইলেকশ্যন ৱাটচ(NEW)ৰ সমীক্ষাত প্ৰাকশ পোৱা তথ্য অনুসৰি, ২৮ খন ৰাজ্যত বিজেপিৰ ৫৪ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ আছে নাৰীজনীত অপৰাধৰ গোচৰ ।
এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু নেচনেল ইলেকশ্যন ৱাটচ(NEW)ৰ সমীক্ষাত প্ৰাকশ পোৱা তথ্য অনুসৰি, ২৮ খন ৰাজ্যত বিজেপিৰ ৫৪ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ আছে নাৰীজনীত অপৰাধৰ গোচৰ । ইয়াৰে বিজেপিৰ ১০ গৰাকী সাংসদৰ বিৰুদ্ধে আছে নাৰীজনিত গোচৰ ।
কংগ্ৰেছৰ ২৩ গৰাকীৰ ভিতৰত ১ গৰাকী সাংসদৰ বিৰুদ্ধে আছে নাৰীজনিত অপৰাধৰ গোচৰ । আনহাতে TDPৰ আছে ১৭ গৰাকী সাংসদ-বিধায়ক, AAPৰ আছে ১৩ গৰাকী সাংসদ-বিধায়ক, AITCৰ ১০ গৰাকী সাংসদ-বিধায়ক, নিৰ্দলীয় সাংসদ-বিধায়ক ৬ গৰাকী, RJDৰ আছে ৫ গৰাকী সাংসদ-বিধায়ক, DMKৰ আছে ২ গৰাকী সাংসদ-বিধায়ক ।
SP দলৰ ২ গৰাকী সাংসদ বিধায়ক, AIUDF দলৰ ১ গৰাকী বিধায়ক, JD(U)ৰ ১ গৰাকী বিধায়ক, NCP দলৰ ১ গৰাকী বিধায়ক, CPI(M)ৰ ১ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে নাৰী অপৰাধজনিত গোচৰ ।
সৰ্বাধিক পশ্চিম বংগৰ ২৫ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে আছে নাৰীজনিত অপৰাধৰ গোচৰ । দ্বিতীয়তে অন্ধ্ৰপ্ৰদেশৰ ২১ গৰাকী সাংসদ-বিধায়ক, উৰিষ্যাৰ ১৭ গৰাকী সাংসদ-বিধায়ক, দিল্লীৰ ১৩ গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে আছে গোচৰ ।
ঠিক সেই দৰে মহাৰাষ্ট্ৰৰ ১৩ গৰাকী সাংসদ বিধায়ক, বিহাৰৰ ৯ গৰাকী সাংসদ-বিধায়ক, কৰ্ণাটকৰ ৭ গৰাকী সাংসদ বিধায়ক, ৰাজস্থানৰ ৬ গৰাকী সাংসদ বিধায়ক, মধ্যপ্ৰদেশ, কেৰালা, তেলেংগানাৰ ৫ গৰাকীকৈ সাংসদ বিধায়কৰ আছে গোচৰ ।
একেদৰে গুজৰাট, তামিলনাডু, উত্তৰ প্ৰদেশৰ ৪ গৰাকী সাংসদ বিধায়ক, অসমৰ ২ গৰাকী সাংসদ-বিধায়ক বিৰুদ্ধে আছে এনে গোচৰ । ইয়াৰে অসমৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে পঞ্জীয়ন হৈ আছে ধৰ্ষণৰ গোচৰ ।
ইফালে তেলেংগানাৰ মেডাক লোকসভা সমষ্টিৰ বিজেপি সাংসদ মাধৱনেনী ৰঘুনন্দন ৰাওৰ বিৰুদ্ধে আছে ২৯ টা গোচৰ । এই গোচৰসমূহৰ ভিতৰতে আছে নাৰীজনিত অপৰাধৰ গোচৰ । পশ্চিম বংগৰ বিষ্ণুপুৰ সমষ্টিৰ বিজেপি সাংসদ খান সৌমিত্ৰৰ বিৰুদ্ধে আছে ১৫ টা গোচৰ ।
অন্ধ্ৰ প্ৰদেশৰ ডেণ্ডুলুৰু বিধানসভা সমষ্টিৰ TDPৰ বিধায়ক চিন্তামানেনী প্ৰভাকৰৰ বিৰুদ্ধে আছে ৯০ গোচৰ । অসমৰ আলগাপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে আছে ১ টা গোচৰ ।
এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু নেচনেল ইলেকশ্যন ৱাটচ(NEW)ৰ এক সমীক্ষাত প্ৰাকশ পাইছে এই তথ্য । তেওঁলোকৰ তথ্য অনুসৰি বৰ্তমানৰ সাংসদ আৰু বিধায়কসকলৰ ভিতৰত ৪৮০৯ খন নিৰ্বাচনী শপতনামৰ ভিতৰত ৪৬৯৩ খনহে বিশ্লেষণ কৰা হৈছিল ।
এই বিশ্লেষণত বৰ্তমানৰ সাংসদসকলৰ ৭৭৬ খন শপতনামাৰ ভিতৰত ৭৫৫ খন শপতনামা । ২৮ খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলসহ ৪,১২৬ জন বৰ্তমানৰ বিধায়কৰ ভিতৰত ৩,৯৩৮ জনৰ শপতনামা বিশ্লেষণ কৰা হৈছিল বুলি তথ্য প্ৰকাশ ।
এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু নেচনেল ইলেকশ্যন ৱাটচ(NEW)ৰ এই তথ্য উদঙাইছে আমি কিমান সজাগ আৰু সচেতন আৰু আবেগীক …