চুমী-বিশালৰ মাজত কেনেকৈ চিনাকী ?চুমী-বিশালৰ মাজত কেনেকৈ চিনাকী ?

চুমী-বিশালৰ মাজত কেনেকৈ চিনাকী ? চুমীয়ে প্ৰথমে ক’ত লগ পাইছিল বিশালক ?

চুমী-বিশালৰ মাজত কেনেকৈ চিনাকী ? ইয়াকে লৈ ৰাইজৰ মাজত অধিক কৌতুহল বাঢ়িছে । তপন বৰা কোন ? তপন বৰাৰ সৈতে তাৰ্কিকৰ কি সম্পৰ্ক । তাৰ্কিকৰ সৈতে চুমীৰ কেনেকৈ গঢ়ি উঠিল প্ৰেমৰ সম্পৰ্ক ? 

চুমীয়ে প্ৰথম ক’ত লগ পাইছিল বিশাল ফুকনক ? চিনাকী হৈ বায়ে-ভায়েক সম্পৰ্ক কেনেকৈ গঢ় লৈ উঠিছিল চুমী-বিশালৰ মাজত ? সেয়া জানিবলৈ ৰাইজ আগ্ৰহী ।

প্ৰায় ২ হাজাৰ কোটি টকা প্ৰৱঞ্চনাৰে বিশাল ফুকনে ঘটা ধনৰ ইহাত-সিহাত কৰা চুমী-তাৰ্কিক বৰ্তমান পলাতক । বৰা দম্পত্তি ক’ত আত্মগোপন কৰি আছে তাৰ সন্ধানত আৰক্ষীৰ অভিযান চলি আছে । তেনস্থলত চুমী বৰা আৰু বিশালৰ সম্পৰ্কক লৈ ব্যাপক গুণাগাঁথা ।

তেনস্থলত চুমী বৰা আৰু বিশালৰ সম্পৰ্কক লৈ ব্যাপক গুণাগাঁথা । কাহিনীৰ মাজভাগলৈ যাত্ৰা আৰম্ভ কৰো আহক । 

বিশাল ফুকনৰ ঘৰ আছিল ডিব্ৰুগড়ত । ৰিলছ, কভাৰ ছং বনাইছিল বিশালে । ঠিক সমসাময়িক ভাৱে চুমী বৰাই আৰম্ভ কৰিছিল নৃত্য । সেই নৃত্য  ৰিলছ আকাৰে চুমীয়ে প্ৰস্তুত কৰিছিল । কিন্তু দুয়োকে ৰাইজে ভালদৰে চিনা-জনা নাছিল ।

ৰিলছ বা কভাৰ ছঙৰ ভিউছ যদি এবাৰ বিশালৰ বেছি হৈছিল আন কেতিয়াবা চুমীৰ বাঢ়িছিল । তেতিয়া এদিন বিশালে ৰিলচত চুমীৰ নৃত্য দেখা পাইছিল । প্ৰথমে চুমীৰ প্ৰফাইল খুচৰিছিল বিশালে । দেখনীয়াৰ হোৱাৰ বাবে চুমীৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল বিশালৰ ।

তেতিয়া, মহামাৰী ক’ভিডৰ ভৰপক সময় । এদিন টাইমপাছ কৰি থাকোটে হঠাৎ মনতে ভাল লাগি চুমীয়ে কৰা নৃত্যৰ এটা ভিডিঅ’ লাইক আৰু কমেন্ট কৰিলে বিশালে । কেইদিনমাৰৰ পাছত দিও নিদিওকৈ চুমীয়ে বিশালৰ সেই কমেন্ট ৰিপ্লাই দিছিল । লগে লগে চুমীয়ে বিশালৰ প্ৰফাইল খুচৰী চাইছিল ।

প্ৰফাইল খুচৰি চাই দেখিলে দুয়োগৰাকীৰ যিহেতুকে শিৱসাগৰ আৰু ডিব্ৰুগড় অথবা তিনিচুকীয়াৰে লোক যিহেতুকে চিনাকী হোৱাৰ প্ৰয়োজন বোধ কৰিলে দুয়োজনে । তেনে গ্ৰুপ এটাত চিনাকী । তাৰ পিছত নম্বৰ আদান প্ৰদান । 

দেখত যদিও বৰ ধুনীয়া নাছিল তথাপিও বিশালৰ গানত মুগ্ধ হৈ পৰিছিল চুমী । তেনেকৈ ইজনে সিজনক ৰিলছ চাই লাইক আৰু কমেন্ট কৰা আৰম্ভ কৰিলে । তেনেতে এদিন চুমীলৈ মেছেজ আহিল বিশালৰ ।

তোমাৰ ঘৰ অমুকত নেকি ? বিশালৰ এই মেছেজ পাই প্ৰথম অৱস্থাত ইগ’নৰ কৰিছিল চুমীয়ে । কিন্তু বিশালৰ কন্ঠই মোহিত কৰিছিল চুমীক । লগে লগে এজনে গোৱা গানত আনজনে অভিনয় অথবা কৰিঅ’গ্ৰাফাৰ কথা চিন্তা কৰিলে চুমীয়ে ।

চুমীয়ে প্ৰথমে ক'ত লগ পাইছিল বিশালক ?
চুমীয়ে প্ৰথমে ক'ত লগ পাইছিল বিশালক ?

মেছেজ ৰিপ্লাই দি আৰম্ভ হ’ল চিনা পৰিচয় । হাই-হেল্ল’ৰ পৰা পাতি লোৱা ভাইটি-বাইদেউ হ’ল । তেনেতে এদিন পাতি লোৱা ভায়েকক চুমীয়ে ক’লে দাদাৰ বিয়ালৈ আহিবা বিশাল ।

আৰ্থিক ভাবে টনকিয়াল নোহোৱা বিশালে সেই বিয়া উপস্থিত থাকিব নোৱাৰিলে । কিছু দিন চুমী-বিশালৰ ফোনত কথা পতা বন্ধ হ’ল । এদিন Sorry বুলি মেছেজ আহিল বিশালৰ পৰা । একো নহয় বুলি পুনৰ বিশাল-চুমীৰ সম্পৰ্ক বৰ্তাই ৰাখিলে ।

চুমীৰ ককায়েকৰ বিয়াৰ ভিডিঅ’, ফটো তুলিবলৈ যোৱা প্ৰফেচনেল ফটোগ্ৰাফাৰ তাপন বৰাৰে চিনাকী চুমীৰ । তাৰ পিছত তপনে কেইবাটাও মেডলিঙৰৰ কাম দিলে চুমীক । তেনে দৰে ঘনিষ্ঠ বাঢ়িল তপন-চুমীৰ সম্পৰ্ক ।

যোৰহাটৰ পৰা গুৱাহাটীত উপস্থিত হোৱা তপনৰ কাম ভাল পালে । সেয়ে এদিন তপনৰ পৰা তাৰ্কিক হ’ল শান্ত স্বভাৱৰ তপন । 

এদিন দীক্ষু শৰ্মাই গানৰ বাবে এগৰাকী অভিনেত্ৰী সন্দৰ্ভত কথা পাতি থাকোতে তাপন ওৰফে তাৰ্কিকে দীক্ষুক চুমীৰ কথা ক’লে । তেনে দৰে চুমীৰ কৰিঅ’গ্ৰাফাৰ কৰা নাচৰ ষ্টেপ বিলাক গাঁৱে ভূৱে জনাজাত হৈ পৰিলে । অসমীয়া সংস্কৃতিক জগতত নতুন এটা পৰিচয় পালে চুমীয়ে ।

চুমীৰ জনপ্ৰিয়তা দেখি বিশালৰো জনপ্ৰিয় হোৱাৰ মন মেলিলে । আৰ্থিক ভাৱে তেতিয়া স্বচ্ছল পাতি লোৱা বিশাল বুকুৰ কুটুম হৈ পৰিল চুমীৰ বাবে । বিভিন্ন উপহাৰ দি চুমীক নিজৰ ভগ্নীৰৰ দৰে আঁকোৱালি ললে বিশালে ।

কেনেকৈ বিশালে ধন হোৱাৰ জাল পেলাইছিল? কম দিনৰ ভিতৰত কেনেকৈ বিশালে ধনী হোৱাৰ শিক্ষা ল’লে ? সেয়া পৰৱৰ্তী সময়ত আমি তথ্য সহকাৰে প্ৰকাশ কৰিম ।

বিশেষ সূত্ৰৰ মতে ডিব্ৰুগড়ত চুমী-বিশালৰ প্ৰথম দেখা সাক্ষাত হৈছিল । এনেদৰে বায়েক-ভায়েকৰ সম্পৰ্ক আৰম্ভ হৈ বৰ্তমান অৱস্থা… 

(বিঃদ্ৰঃ মুখ বাগৰি থকা কথাৰ আলম লৈ  newsfor.inৰ এই বিশেষ প্ৰতিবেদন ।)

Leave a Reply

Your email address will not be published. Required fields are marked *