কিমান বজাৰ পৰা ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARDকিমান বজাৰ পৰা ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARD

কোনটো ৱেবছাইটৰ পৰা কিমান বজাৰ পৰা ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARD ?

মাত্ৰ কেইমিনিট, তাৰ পাছতে আপুনি দিবলৈ সাজু হৈ থকা ADREৰ Admit Card ডাউনোলড কৰিব পাৰিব ৱেবচাইটৰ পৰা । যেন দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব ।

চৰকাৰী ৱেবছাইটৰ মতে, দিনৰ ১১ বজাৰ লগে লগে ডাউলোড কৰিব পাৰিব আপোনাৰ ADREৰ ADMIT CARD । 

কিমান বজাৰ পৰা ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARD
কিমান বজাৰ পৰা ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARD

WWW.ASSAM.GOV. IN আৰু WWW.SITE.SEBAONLINE.ORGৰ পৰা ডাউলোড কৰিব পাৰিব আপোনাৰ ADMIT CARDখন ।

যদিহে Admit Card খন ডাউলোড কৰাত অসুবিধাৰ সন্মুখীন হৈছে তেতিয়া হ’লে এটা ফোন নম্বৰো মুকলি কৰি দিছে । সেই ফোন নম্বৰটো সোমবাৰৰ পৰা শনিবাৰলৈকে মুকলি হৈ থাকিব । সেই নম্বৰটো হ’ল 95823-90065 ।

১৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছে পৰীক্ষা আয়োজকৰ । যাতে কোনো ধৰণৰ অভিযোগ তথা পৰীক্ষা কেন্দ্ৰত খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে CCTVৰ ব্যৱস্থাৰ লগতে বৃহৎ সংখ্যক আৰক্ষী মোটায়ন কৰা হ’ব পৰীক্ষা কেন্দ্ৰসমূহত ।

উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সৰ্বমুঠ ১২ হাজাৰ ৬০০ টা পদৰ বাবে আবেদন কৰিছিল প্ৰায় ৩২ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে । সেয়ে HSLC, HSSLC, গ্ৰেজুৱেটত শ্ৰেণীত ভাগ ভাগ কৰি অনুষ্ঠিত কৰিব পৰীক্ষা ।

পূৰ্বৰ নীয়ম সলনি কৰি এইবাৰৰ ADREত নিগেটিভ মাৰ্কচৰ ব্যৱস্থা কৰা হৈছে । যদিহে পৰীক্ষাৰ সময় কথা যদি চাৱা যায় তেতিয়া হ’লে পূৰ্বে ২ ঘন্টা আছে । কিন্তু এইবাৰৰ পৰীক্ষাৰ সময় ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈকে । 

এইবাৰৰ পৰীক্ষাৰ সময় ৩ ঘন্টা নিৰ্ধাৰণ কৰা হৈছে । এইখিনিতে উনুকীয়াই দিয়াৰ প্ৰয়োজন যে, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে এইবাৰৰ ADR পৰীক্ষা APSCৰ দৰে হোৱাৰ সম্ভাৱনা আছে । তেতিয়া ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

তেতিয়া পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে,APSC আৰ্হিৰে ADR পৰীক্ষা নহয় । কিন্তু নতুন নিয়ম প্ৰযোজ্য হ’ব । যিহেতুকে পৰীক্ষাৰ্থীৰ সংখ্যা বেছি সেয়ে বাছনি প্ৰক্ৰিয়াত যাতে কোনো খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে নিগেটিভ মাৰ্কছৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

সেই কাৰণে সম্ভৱত ২ ঘন্টাৰ পৰিৱৰ্তে ৩ঘন্টা সময় নিৰ্ধাৰণ কৰা হৈছে । আনহাতে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১.৫ নম্বৰ । সৰ্বমুঠ প্ৰশ্ন থাকিব ১০০ টা কিন্তু নম্বৰ হ’ব ১৫০ ।

১১ বজাৰ লগে লগে দুটাকৈ ৱেবছাইটত উপলব্ধ হ’ল ADREৰ এডমিট কাৰ্ড ডাউলোড কৰাৰ প্ৰক্ৰিয়া । আবেদন নং আৰু পাছৱৰ্ড মাৰিলে আপুনিও ডাউলোড কৰিব পাৰবি ADMIT CARDখন ।

ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARD
ডাউনলোড কৰিব পাৰিব ADREৰ ADMIT CARD

যিসকল আবেদনকাৰীয়ে চতুৰ্থ বৰ্গৰ পদৰ বাবে CLASS-Xৰ প্ৰমাণ পত্ৰ দিছিলে সেই সকলৰ পৰীক্ষা ২৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব । যিসকল আবেদনকাৰীয়ে চতুৰ্থ বৰ্গৰ পদৰ বাবে CLASS-VIIৰ প্ৰমাণ পত্ৰ দিছিলে তেওঁলোকৰ পৰীক্ষা ২৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ।

আনহাতে যিসকল আবেদনকাৰীয়ে তৃতীয় বৰ্গৰ পদৰ বাবে দ্বাদশ শ্ৰেণীৰ প্ৰমাণ পত্ৰ দিছিলে তেওঁলোকে ১৫ ছেপ্তেম্বৰত বহিব লাগিব পৰীক্ষাত । ঠিক একেদৰে যিসকল আবেদনকাৰীয়ে তৃতীয় বৰ্গৰ পদৰ বাবে গ্ৰেজুৱেৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল তেওঁলোকে ২৯ ছেপ্তেম্বৰত বহিব লাগিব পৰীক্ষাত ।

এক তথ্য অনুসৰি, HSLC উত্তীৰ্ণ আবেদনকাৰী সংখ্যা ৮,২৭,১৩০ গৰাকী । ঠিক সেই দৰে CLASS VIII উত্তীৰ্ণ আবেদনকাৰীৰ সংখ্যা ৫,৫২,০০২ গৰাকী, HSSLC উত্তীৰ্ণ আবেদনকাৰী সংখ্যা ১১,২৩,২০৪ গৰাকী, গ্ৰেজুটেত উত্তীৰ্ণ আবেদনকাৰী সংখ্যা ৫,২৯,৯৮৯ গৰাকী আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে আবেদন কৰা সংখ্যা ২,০৪,০৯১ গৰাকী ।

ছেপ্তেম্বৰ মাহত যদিও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকিৰৰ পৰীক্ষা অনুষ্ঠিত হ’লেও ২০২৫ বৰ্ষৰ এপ্ৰিল মাহত নিযুক্তি পত্ৰ বিতৰণ কৰিব । তাৰ পিছত পুনৰ ৫০ হাজাৰ পদৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে মুকলি কৰিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, ১ লাখ লোকক চাকৰি দিয়া হ’ল । আমি ডেৰ লাখৰ ফালে আগবাঢ়ি আছো । সেয়ে আগন্তুক সময়ত অধিক বিভিন্ন পদৰ বাবে পদ খালি হ’লে চৰকাৰে নিযুক্তি প্ৰদান কৰিব । সোমবাৰে খানাপাৰত স্থায়ী শিক্ষক নিযুক্তি পত্ৰ বিতৰণ কৰি এই কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

‘ছাত্ৰানাম্ অধ্যয়নং তপঃ’ বাক্য শাৰী সৰোগত কৰি আপুনিও অধ্যয়ন অব্যাহত ৰাখক আগন্তুক পৰীক্ষাৰ বাবে । কাৰণ এইবাৰ্ষৰ তুলনাত আগন্তুক বৰ্ষত অধিত কঠিন হ’ব পৰীক্ষাৰ প্ৰশ্ন কাকত ।

Leave a Reply

Your email address will not be published. Required fields are marked *