অজ্ঞাতবাসৰ পৰা ওলাল চুমি বৰাঅজ্ঞাতবাসৰ পৰা ওলাল চুমি বৰা

অজ্ঞাতবাসৰ পৰা ওলাল চুমি বৰা, ফাদিল কৰিলে অজ্ঞাতবাসৰ কাৰণ !

অজ্ঞাতবাসৰ পৰা ওলাল চুমি বৰা, ফাদিল কৰিলে অজ্ঞাতবাসৰ কাৰণ । ডেন্স, কেমেৰাৰ ফ্ৰেমত থাকি ভালপোৱা চুমিৰ বৰা ধৰা দিলে কেমেৰাৰ সন্মুখত । বিগত ১০ দিনে অসম আৰক্ষীক নাকত ধৰি চাকত ঘূৰাই আছিল চুমি বৰা আৰু তাৰ্কিক বৰাই ।

কিয় বিগত ১০ দিনে আত্মগোপন কৰি আছিল চুমি বৰা ? মানসিক অত্যাচাৰ কোনে কৰিছিল ? বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছত কিয় আত্মগোপন কৰিছিল চুমিয়ে ? এই সকলোবোৰৰ কাৰণ সংবাদ মাধ্যম নেকি ?

যেতিয়াই বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিলে তেতিয়াই আত্মগোপন কৰিছিল চুমি বৰাই । ১০ দিনৰ পাচত ভিডিঅ’ বাৰ্তাৰ জড়িয়তে অজ্ঞাতবাসৰ কথা স্পষ্ট কৰিলে চুমিয়ে ।

প্ৰায় ২ মিনিট ৫০ ছেকেণ্ডৰ ভিডিঅ’ত চুমিয়ে আত্মসমপৰ্ণৰ কথা উল্লেখ কৰি ক’লে, ‘বহু দিনৰ পৰা মোৰ বিৰুদ্ধে যিসমুহ বাতৰি প্ৰচাৰ হৈ আছে সেয়া অপপ্ৰচাৰ চলিছে ।’

চুমিয়ে পুনৰ কয় যে, যি বাতৰি প্ৰচাৰ কৰা হৈছে তাৰ ৯০ শাতংশই মিছা । আনকি ১০ শতাংশও সঁচা নহয় বুলি সংবাদ মাধ্যমলৈ প্ৰশ্ন ঠেলিলে । লগতে চুমিয়ে কয় যে, মই ইমান দিনে মাত মাতিব পৰা নাই ।

সংবাদ মাধ্যমলৈ সকলো দোষ ঠেলি চুমী কয়,’মোক ইমান মানসিক অত্যাচাৰ চলাইছে মই ভৱাই নাছিলোঁ । মানসিকভাৱে প্ৰস্তুত নাছিলো কাৰণে কোনোধৰণৰ কথা কোৱা নাছিলোঁ । সেই কাৰনে মই ৮ দিন মনে মনে থাকিলো ।’

লগতে চুমিয়ে কয়, ‘জোখতকৈ বেছি মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে । ন্যায়ালয়ে মোক দোষী কৰাৰ পূৰ্বে, সংবাদমাধ্যে মোক দোষী কৰিলে । মোক ফাঁচীও দিছে ।’

চুমিয়ে  কয়, ‘৭ দিনে পলাই আছোঁ আৰু কিমান থাকিম ? আজি মই কিছুসময় পিছত আত্মসমৰ্পণ কৰিম । মই যদি সত্যত আছোঁ, মোৰ শাস্তি নহয় । যদি মই ভুল কৰিছোঁ তথ্যৰ ভিত্তিত ন্যায়ালয়ে বিচাৰ কৰিব ।’ কেমেৰাৰ সন্মুখত এইদৰে উচুপি উঠিল চুমি বৰা ।

ট্ৰেডিং কাণ্ডৰ সন্দৰ্ভত চুমিয়ে কয়, ‘গোচৰ ট্ৰেডিঙৰ আছিল । কিন্তু গোচৰটো মোৰ ব্যক্তিগত গোচৰ হৈ গ’ল । আজি ফাইনেলী মই আত্মসমপৰ্ণ কৰিবলৈ সাজু হৈছো । মই আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিম ।’

আনহাতে পলাই থকাৰ সন্দৰ্ভত চুমিয়ে কয়, ‘পলাই মই ক’তো থকা নাছিলো । মই অকণমান লুকাইহে আছিলো । সংবাদ মাধ্যমে যি মন যায় তাকে কয় আছে । কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে ।’

কোটি কোটি টকা আত্মসাত কৰা বুলি ভুক্তভোগীয়ে অভিযোগ দিব । সেই বাতৰি সংবাদমাধ্যমত প্ৰকাশ কৰিলে সংবাদমাধ্যহে মানসিক নিৰ্যাতন চলাইছে বুলি কয় চুমিয়ে ।

চুমিয়ে কোৱাৰ দৰে সংবাদ মাধ্যৰ ধাৰাবাসীক প্ৰচাৰৰ বাবেহে আত্মপ্ৰকাশ কৰিলে নেকি ? বাতিৰৰ পাচতে আৰক্ষীৰ সলনি ভিডিঅ’ বাৰ্তাৰ দ্বাৰা ৰাজহুৱা কৰিলে সকলো কথা ।

অজ্ঞাতবাসৰ পৰা ওলাল চুমি বৰা
অজ্ঞাতবাসৰ পৰা ওলাল চুমি বৰা

আনফালে তাৰ্কিক-চুমিক পলায়নত সহায় কৰা তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক বিহাৰৰ মুজাফৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীয়ে । ইতিমধ্যে CIDৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে চুমি বৰাৰ বাহন চালকৰ ৷

বাতৰি লিখা পৰলৈকে আত্মসমৰ্পণ কৰা নাই চুমি বৰাই । যদিও মাজ নিশালৈ আত্মসমৰ্পণ কৰিব পাৰে চুমি বৰা, তাৰ্কিক বৰাই৷ পিছে ক’ত আত্মসমৰ্পণ কৰিব চুমি-তাৰ্কিকে

আৰক্ষীয়ে বিচাৰোতে কিয় নিখোজ হৈছিল স্বামীৰ সৈতে চুমি?বিশালৰ অপকৰ্মৰ সহযোগী নাছিল নেকি চুমি বৰা? পৰৰ অবৈধ ধনেৰে ‍বিলাসী জীৱন-যাপন কৰাটো অপৰাধ নহয়নে?

হঠাৎ বিশাল সম্পত্তিৰ মালিক কেনেকৈ হৈ পৰিছিল চুমি?অবৈধ ট্ৰেডিঙৰ গোচৰত ৰাজসাক্ষী হৈ যাব পাৰে নেকি চুমি? ৰাজসাক্ষী হ’লে তেওঁৰ শাস্তিৰ পৰিমাণ কমি যাব নেকি? কি হ’ব বিশালৰ পৰা জব্দকৃত ধন-সম্পত্তিৰ?

Leave a Reply

Your email address will not be published. Required fields are marked *